Psalms 62

প্ৰধান বাদ্যকৰৰ প্রতি: যিদূথনৰ অৰ্থে। দায়ূদৰ ৰচিত গীত।

1মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে;
তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়।
2কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম।

3এজন মানুহক, তোমালোকে কিমান দিনলৈকে আক্ৰমণ কৰি থাকিবা?

হলি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনাকৈ;
তোমালোক সকলোৱে উলোটাই তাকেই নষ্ট কৰিবা নে?
4তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে;
তেওঁলোকে মিছা কথাত সন্তোষ পায়;
মুখেৰে আশীৰ্বাদ কৰে, কিন্তু অন্তৰৰে তেওঁলোকে শাও দিয়ে।[চেলা]

5হে মোৰ অন্তৰ নিৰন্তৰে, কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা;

কিয়নো তেওঁৱেই মোৰ আশা ৰোপণ কৰে।
6কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ;
তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম।

7ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ;

মোৰ শক্তি মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে।
8হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা;
তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা;
তোমালোকৰ মনৰসকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা;
কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয়স্থল। [চেলা]

9অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা;

তেওঁলোক তৰ্জুত দাং খাব;
ভাপতকৈয়ো তেওঁলোক একেবাৰে পাতল।
10তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনাকৰা সকলক বিশ্বাস নকৰিবা;
বৃথা ধনী হবলৈ আশা নকৰিবা,
ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা।

11ঈশ্বৰে এবাৰ কলে;

মই ইয়াক দুবাৰ শুনিলোঁ,
যে পৰাক্ৰম ঈশ্বৰৰহে।
হে প্ৰভু, অঙ্গীকাৰ আৰু বিশ্বস্ততা তোমাৰ অধিন;
কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্ম্মৰ দৰে প্ৰতিফল দিছা।
12

Copyright information for AsmULB